শিলচৰ চহৰৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত শিলচৰত পথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । দীৰ্ঘদিন ধৰি এই পথটোৰ বেয়া অৱস্থাৰ বাবে পথচাৰীকে ধৰি স্থানীয় ৰাইজে নিজৰ জীৱন বিপন্ন কৰিব লগা হৈছে । আৰু পথটোৰ বেয়া অৱস্থাৰ বাবে স্থানীয় ৰাইজৰ জীৱন দুৰ্বিষহ হৈ পৰিছে ।ধূলিময় পৰিৱেশৰ বাবে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে । আৰু তেওঁলোকে কয় যে এই বিষয়ত সাংসদ আৰু বিধায়কসকলে নীৰৱ ভূমিকা পালন কৰিছে । সোনকালে মেৰামতি কৰা নহ’লে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব । সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে দুৰ্গা পূজাৰ পূৰ্বে শিলচৰ চহৰৰ পথটো অতি সোনকালে মেৰামতি কৰিবলৈ প্ৰশাসনক দাবী জনায় ।