শিমুলটাপু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ



গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত জব্দ হয় বৃহত পৰিমানৰ বিলাতী সুৰা। NL 02 L 1297 নম্বৰৰ কন্টেইনাৰ গোপন চেম্বাৰৰ মাজত লুকাই আনিছিল বিলাতী সুৰা খিনি।শিমুলটাপু আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কন্টেইনাৰ খন ৰখাই তালাচী চলোৱাত গোপন চেম্বাৰৰ পৰা ওলাই পৰে ১৩০ কাৰ্টুন বিলাতী সুৰা।জানিব দিয়া মতে কন্টেইনাৰ খন গুৱাহাটীৰ পৰা শিলিগুৰী অভিমূখে গৈ আছিল। বিহাৰৰ মুতিহাৰী নিবাসী অমল গিৰি কন্টেইনাৰ খালাচীক আটক।জব্দকৃত বিলাতী সুৰা খিনি বজাৰ মূল্য কেইবা লাখ টকা হব বুলি অনুমান কৰা হৈছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *