শিক্ষা বিভাগক কেৰেপ নকৰা এগৰাকী প্ৰধান শিক্ষয়িত্ৰী।
নগাঁও জিলাৰ ধিংৰ সূতাৰগাঁৱ পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ স্বয়ম্ভূ নীতিত অতিষ্ঠ ছাত্ৰ ছাত্ৰীৰ লগতে অভিববাবক ৰাইজ।
স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী ফিৰোজা খাতুনৰ স্বয়ম্ভূ নীতিৰ লিষ্টখন শুনিলে আপুনিও আচৰিত হব।
নম্বৰ এক: ৰান্ধিবলৈ খৰি নাই বুলি অজুহাত দেখুৱাই Mid day মিলৰ খোৱা বন্ধ।শুনক ৰান্ধনী আৰু ছাত্ৰ ছাত্ৰীৰ ভাষ্য।
নম্বৰ দুই: ৩২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে অহা Mid day মিলৰ টকাৰে কি কৰিব প্ৰশ্ন কৰাত সেই টকাৰে বেলেগ কাম কৰিব বুলি উত্তৰ প্ৰধান শিক্ষয়িত্ৰী ফিৰোজা খাতুনৰ।
নম্বৰ তিনি: প্ৰধান শিক্ষয়িত্ৰী ফিৰোজা খাতুনে মন গলে হে উপস্থিত থাকে স্কুলত।কাকো কেৰেপ নকৰি নিজৰ ইচ্ছা মতেই চলায় স্কুলৰ কাম কাজ বোৰ।
ইয়াৰ উপৰিও অতি নিম্ন মানৰ খাদ্যও ছাত্ৰ ছাত্ৰীক খুৱাই বুলিও অভিযোগ উত্থাপিত হৈছে শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে।
বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত সূতাৰগাঁও পাব্লিক হাইস্কুল খনত ৩২০ গৰাকী ছাত্ৰ ছাত্ৰী আছে যদিও শিক্ষক শিক্ষয়িত্ৰী সকল নিয়মিত স্কুলত উপস্থিত নাথাকে। প্ৰধান শিক্ষয়িত্ৰীৰ লগত গোপন বুজাবুজিৰে কেইবাজনো শিক্ষকে সপ্তাহত এদিন স্কুলত গৈ উপস্থিত বহিত চহী কৰি আহে বুলিও অভিযোগ উত্থাপিত হৈছে। চৰকাৰী নিয়ম অনুসৰি ৬/১২/২২তাৰিখৰ পৰা ১১/১২/২২ তাৰিখলৈকে বিদ্যালয় খনত অনুষ্ঠিত কৰিব লাগিছিল বিভিন্ন ধৰণৰ খেল-ধেমালিৰ। কিন্তু বিদ্যালয় খনত অনুষ্ঠিত নহ’ল কোনো ধৰণৰ খেল-ধেমালিৰ। খেল ধেমালিৰ বাবে আবণ্টন দিয়া পুজি সম্পূৰ্ণ ৰূপে আত্মহাত কৰিলে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে।
শিক্ষা বিভাগৰ নিয়মক বুঢ়া আঙুলি দেখুওই স্বয়ম্ভূ নীতিত চলা প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষই কি ব্যৱস্থা লব সেয়া সময়ত হব লক্ষণীয়।

