লিডুত ভয়ঙ্কৰ পথ দূৰ্ঘটনা

লিডুত ভয়ঙ্কৰ পথ দূৰ্ঘটনা।আজি মাৰ্ঘেৰিটা মহকুমাৰ লিডুত এখন বাইক আৰু চুইফ্ট ডিজাইৰ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা সংঘঠিত হয়। জানিব পৰা মতে মাৰ্ঘেৰিটা অভিমুখী এ.আৰ.১২-৭৬৮১ (AR 12 7681) নাম্বাৰৰ সুইফ্ট ডিজাইৰ আৰু লিডু টিৰাপ কলিয়ৰী অভিমুখী এ.এস.২৩এ.ডি.১১৬৮(AS 23 AD 1168) নাম্বাৰৰ পালছৰ বাইকৰ মাজত লিডু ৰে’লৱে ৰঙ্গমঞ্চৰ সন্মুখত দুয়োখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত বাইক আৰোহীজন গুৰুতৰভাবে আহত হয়। আহতগৰাকী লিডু চাহ বাগিচাৰ ২ নং নাইনৰ মুন নাগবংশী বুলি জানিবপৰা গৈছে। ততাতৈয়াকৈ হাস্পাতালত লৈ যোৱা হয়। বৰ্তমান ঘটনাস্থলীত লিডু আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত মটৰ বাইক আৰু গাড়ী উদ্ধাৰ কৰি থানালৈ লৈ যায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *