লিডুত ড্ৰাগছ সহ তিনি জন ব্যক্তি আটক।লিডুত অব্যাহত আছে ড্ৰাগছৰ অবাধ প্ৰচলন ৷৷ আজি লিডুত ড্ৰাগছ সহ তিনিজন লোকক স্থানীয় ব্যবসায়ী প্ৰতিষ্ঠানৰ ব্যবসায়ী সকলে আটক কৰি লিডু আৰক্ষীক গতাই দিয়ে। তাৰে এজন যুৱকক লিডুৰ বুলি জানিব পৰা গৈছে।যুৱকজন পূৰ্বতেও বিভিন্ন কাৰণত জেললৈ গৈ আহিছে। যুৱক কেইজনৰ পৰা বহু পৰিমানৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷৷ উল্লেখ্য যে বহু দিন ধৰি মাৰ্ঘেৰিটা মহকুমাত অবাধ হাৰত বৃদ্ধি পাব ধৰিছে ড্ৰাগছৰ অবাধ প্ৰচলন ৷৷ মাৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে স্কুল কলেজৰ বহু ছাত্ৰ-ছাত্ৰী ৷ এই মাৰাত্মক ড্ৰাগছৰ ক্ষেত্ৰত উচিত ব্যৱস্থা লবলৈ আহ্বান জনায় অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
