লাহৰীঘাটত ৰাইজৰ প্ৰতিবাদ ।লাহৰীঘাটৰ কাঠনি গাওঁ পঞ্চায়তৰ ৰাইজৰ উত্তাল প্ৰতিবাদ । পঞ্চায়তটোৰ সভানেত্ৰী ,৮ নং ৱাৰ্ড সদস্য আৰু কৰ্মচাৰীৰ বিৰুদ্ধে স্থানীয়লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । 15 th Finance Commission আঁচনিত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ পঞ্চায়তবাসীলোকৰ। ৰাইজে গাওঁ সভাত ৮ ৱাৰ্ডত নিদ্দিষ্ট কৰি দিয়া আঁচনিখন সংশিষ্ট পঞ্চায়তটোৰ সভানেত্ৰী আৰু কনিষ্ঠ অভিযন্তাই আঁচনিখন বেলেগ গাওঁ পঞ্চায়তত ৰূপায়ন কৰাক লৈ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰী আঁচনি ৰূপায়নৰ নামত গাওঁ পঞ্চায়তটোত সংঘটিত হোৱা ব্যাপক দূৰ্নীতি সন্দৰ্ভত এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে স্থানীয় লোকসকলে ।