লক্ষীমপুৰত চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ সৰ্বসাধাৰণ জনতা

লক্ষীমপুৰত চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ সৰ্বসাধাৰণ জনতা।
নাওবৈছাত ৰাইজে খেদি খেদি আটক কৰিলে চাৰি জনকৈ চিলনী চোৰক।নাওবৈছাত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হৈছে।দিনক দিনে বাঢ়িছে চিলনী চোৰৰ উপদ্ৰৱ।নাওবৈছাৰ দলহাটত এগৰাকী মহিলা পথচাৰীৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি পলায়নৰ চেষ্টা কৰোতে ৰাইজে খেদি খেদি আটক কৰে চাৰি জনকৈ চোৰক।চোৰ কেইটাক আটক কৰি দলহাট আৰক্ষী চকীত সমজাই দিয়ে।চোৰ কেইজন ক্ৰমে জব্বৰ আলি,ফৰিদুল ইছলাম,ফাইজোৰ আলি,গোলজাৰ হুছেইন।উক্ত চোৰ কেইটাক লালুক আৰক্ষীয়ে লখিমপুৰ জেল হাজতলৈ প্ৰেৰণ কৰে।সম্প্ৰতি দলহাট আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *