লংকাৰ নখুটিত এটা চাবিক লৈ সংঘটিত হৈছিল পুৰুষ মহিলাৰ এক তয়া ময়া ৰণ।



লংকাৰ নখুটিত এটা চাবিক লৈ সংঘটিত হৈছিল পুৰুষ মহিলাৰ এক তয়া ময়া ৰণ।

নখুটি বজাৰৰ এখন দোকানৰ চাবিক লৈ এটা পৰিয়াল দুই ককাই ভাইৰ পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি হয়।

দুই ভাতৃ মুজিবুৰ ৰহমান আৰু আমিৰ উদ্দিনৰ মাতৃৰ নামত আবণ্টন হোৱা দোকান ঘৰটো জালিয়াতিৰে আমিৰ উদ্দিনে নিজ পত্নীৰ নামত কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে।


বৰ্তমানৰ পৰিয়ালৰ মুৰব্বী তেওঁলোকৰ মাতৃ মুজিবুৰ ৰহমানৰ লগতে থিয় দিছে ।


ইতিমধ্যে নখুটি আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰিছে এই ঘটনাৰ সন্দৰ্ভত ।

কিন্তু প্ৰকৃততে উক্ত দোকান ঘৰটো কাৰ সেয়া পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *