যোৰহাটলৈ গুৰ সৰবৰাহ কৰা ট্ৰাক দুৰ্ঘটনাত পতিত
যোৰহাটৰ পুলিবৰ থানাৰ সমিপত এখন গুৰ সৰবৰাহ কৰা ট্ৰাক দুৰ্ঘটনা গ্ৰস্ত হৈ বাগৰি পৰে ট্ৰাক খনৰ পঞ্জীয়ন নং AS01U3323 ।ট্ৰাক খন ৰে’লৱে ষ্টেচনৰ পৰা পুলিবৰৰ গুদামলৈ নিয়া হৈছিল ।প্ৰায় দহ টন গুৰ আছিল বুলি গুৰ ব্যৱসায়ী পাৰ্থ সাহাই জানিব দিয়ে ।
স্হানীয় ৰাইজে জনোৱা কৰা মতে গুৰ খিনি আচলতে মানুহে খোৱাৰ উপযুক্ত নহয় আৰু অবৈধ চুলাই মদ তৈয়াৰ কৰাতহে এনে গুৰ ব্যৱহাৰ কৰে বুলি সন্দেহ কৰে
বিগত সময়ত এনে চুলাই মদে বহু জনৰ প্ৰাণ লৈছিল ।গতিকে এনে গুৰ ব্যৱসায়ীৰ বিৰুদ্ধে উচিত তদন্ত কৰি আইনগত ব্যৱস্হা লবলৈ পুলিচ প্ৰসাশন তথা চৰকাৰক আহ্বান জনায়।
ইতিমধ্যে ট্ৰাক খনৰ পৰা স্থানীয় ৰাইজে গুৰ চোৰ কৰাও অভিযোগ উত্থাপিত হৈছে ।
