বাৰীৰ তামোল জোপাত ওলমি থকা টোকোৰা চৰাই বোৰ ক্ৰমাৎ নোহোৱা হৈছে ৷ বৰ্তমান সময়ত যান্ত্ৰিকতাই আমাৰ চৌপাশৰ পৰিবেশ জীৱকুলৰ বসতিৰ অনুপয়ুক্ত কৰি তুলিছে ৷ হাবিকাটি মানুহৰ বসতি স্থাপন; যন্ত্ৰৰ কোলাহল ; ম’বাইল টাৱাৰ আদিৰ পৰা বিচ্ছুৰিত বৈদ্যুতিক শক্তি আদিয়েই চৌপাশৰ জীৱকুলৰ বিপদ নমাই আনিছে ৷ বিভিন্ন জীৱৰ লগতে সুদক্ষ অভিযন্তাৰ দৰে তামোলগছত বাহঁসাজি বসতিকৰা টোকোৰা চৰাইও ক্ৰমাৎ নোহোৱা হৈছে ৷ আজিৰ দিনত গাঁৱে ভূঞে দুল্লভ হৈ পৰা টোকোৰা চৰাইৰ বহুকেইটা বাহঁ দেখাগৈছে গোলাঘাটৰ ঢ়েকীয়ালৰ এলেংমুৰীয়াৰ বিনয় বৰুৱাৰ বাৰিত ৷ তেওঁৰ বাৰিত থকা প্ৰতিজোপা তামোল গছতেই বিগত সময়চোৱাত জাক জাক টোকোৰাচৰাইয়ে বাহঁসাজি পোৱালী ডাঙৰকৰি উৰুৱাই নিছিল যদিও এইবাৰ অভাৱনীয়ভাৱে হ্ৰাস হ’ল টোকোৰাচৰাইৰ জাকটো মাত্ৰ এজোপা তামোল গছতহে এই দুল্লভ চৰাইবিধে বাহঁ সাজিছে যদিও এলেকাটোত বিচৰণ কৰা বান্দৰৰ জাকেও টোকোৰা চৰাইৰ বাহঁত উপদ্ৰৱ চলাই কণীবোৰ খাই বাহঁবোৰ ভাঙি পেলায় ৷অঞ্চলটোৰ কেৱল তেঁওৰ বাৰিৰ একমাত্ৰ তামোলজোপাত থকা এই টোকোৰাচৰাই জাকটোক যৎপৰোনাস্তি সুৰক্ষা দিয়াৰ প্ৰচেষ্টা চলাইছে বিনয় বৰুৱাই ৷