মৰিগাঁও নগৰত সংঘটিত হৈছে এক দিন ডকাইতৰ ঘটনা।

মৰিগাঁও নগৰত সংঘটিত হৈছে এক দিন ডকাইতৰ ঘটনা।
মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ দাঁতিতে সোমবাৰে এজন ব্যক্তিৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি লৈ যায় ২লাখ ৫০ হাজাৰ টকা।
মৰিগাঁও নগৰৰ সমীপৱৰ্তী পছতীয়াত ভাড়াতীয়া হিচাপে থকা কাহিবাড়িৰ ঘনকান্ত কোচ নামৰ ব্যক্তিজনে মৰিগাঁও পাঞ্জাব নেচনেল বেংকৰ পৰা দুই লাখ পঞ্চাশ হাজাৰ টকা উঠাই নিজ ঘৰ মুখে গৈ থকা অৱস্থাত মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ কাষতে এখন মটৰচাইকেলত যোৱা দুজন দুৰ্বৃত্তই আগচি ধৰি টকাৰ মোনাটো কাঢ়ি লৈ যায়।
ঘটনাৰ খৱৰ পোৱাৰ পিছতে মৰিগাওঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।
এতিয়া প্ৰশ্ন হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা মৰিগাঁও নগৰত বিশেষকৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰতে কেনেকৈ সম্ভৱ হৈ পৰিল ডকাইতি কাণ্ডৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *