মৰিগাঁও জিলাৰ টেঙাগুৰি সমবায় সমিতিত বৃহৎ কেলেংকাৰী

মৰিগাঁও জিলাৰ টেঙাগুৰি সমবায় সমিতিত বৃহৎ কেলেংকাৰী। প্ৰাপ্য চাউল বিচাৰি প্ৰতিবাদ সাধাৰণ ৰাইজৰ।


কি হৈছে মৰিগাঁও জিলা যোগান বিভাগত ?
জিলাখনৰ যোগান বিভাগত পোহৰলৈ আহিছে এটাৰ পিছত এটাকৈ ভয়ংকৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ ঘটনা !

কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ লোচনাৱৰী সমবায় সমিতিত কোটি টকীয়া কেলেংকাৰীৰ ঘটাৰ তথ্য পোহৰলৈ আহিছিল। তদন্তত সমবায় খনত কৰ্মৰত সম্পাদক সহ কেইবাজনো এজেন্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ৰঙা ঘৰৰ আলহী হৈছিল সম্পাদক সহ কেইবাজনো এজেন্ট।

এইবাৰ একেই অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰ টেঙাগুৰি সমবায় সমিতিৰ অন্তৰ্গত এজেন্ট আৰু এজেন্ট সন্থাৰ সম্পাদকৰ বিৰুদ্ধে।

তুংগত সমবায় সমিতিৰ নিয়ম নীতি! এক নজিৰ বিহীন ঘটনা।
টেঙাগুৰি সমবায় সমিতিৰ এজেন্ট আব্দুৰ ৰহমানৰ ওপৰত স্থানীয় ৰাইজে তুলিছে কেইবাটাও গুৰুৰত অভিযোগ।মৰিগাঁও জিলাৰ সকলো সমবায়তে মে মাহৰ চাউল বিতৰণ শেষ যদিও টেঙাগুৰি সমবায় সমিতিৰ মে মাহৰ চাউল আজিলৈকে পোৱা নাই দুখীয়া দৰিদ্ৰ গ্ৰাহকে। গুদামতো চাউল নথকাৰ অভিযোগ গ্ৰাহকৰ। BPL কাৰ্ডত নাম সোমোৱাৰ নামত ১৫০০ টকাৰ পৰা ৩ হাজাৰ টকালৈকে লৈছে বুলি অভিযোগ উঠিছে এইজন এজেন্ট আব্দুৰ ৰহমানৰ বিৰুদ্ধে।সমবায় সমিতিৰ বিপৰীতে এজেন্ট সন্থাৰ সম্পাদকেই যোগান ধৰাৰ অভিযোগ।ভাৰতীয় খাদ্য নিগমৰ পৰা হলচেলাৰৰ বিপৰীতে চাউল আনিছে খোদ এজেন্ট সকলেই।
এনে একাধিক অভিযোগ উত্থাপন কৰি আজি অঞ্চলটোৰ চাউল বঞ্চিত গ্ৰাহক সকলে সমবায় খনৰ সম্পাদক আৰু এজেন্টৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে।

এতিয়া প্ৰশ্ন হয় !
মৰিগাঁও যোগান বিভাগে পাৰিবনে লোচনাৱৰীৰ দৰে দোষীক তদন্ত ক্ৰমে শাস্তি বিহিবনে ?

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *