মৈৰাবাৰী অন্তৰ্গত লোচনাৱৰী সমবায় সমিতিৰ নিৰ্বাচনৰ পষ্টাৰ লগালে চৰকাৰী স্কুলত

মৈৰাবাৰী অন্তৰ্গত লোচনাৱৰী সমবায় সমিতিৰ নিৰ্বাচনৰ পষ্টাৰ লগালে চৰকাৰী স্কুলত।শৈক্ষিক সমাজত তীব্ৰ প্ৰতিক্ৰিয়া।
কিছুদিন পূৰ্বে দুৰ্নীতিৰ দ্বাৰা অসম বিখ্যাত হৈ পৰা লোচনাৱৰী সমবায় সমিতি এইবাৰ আকৌ নতুন এটা বিতৰ্কৰ মাজত। এইবাৰ পিছে দুৰ্নীতিৰে নহয় এইবাৰ পোষ্টাৰ লগাই হে চৰ্চিত হৈছে সমবায় খন।কেইদিনমান পূৰ্বে লোচনাৱৰী সমবায় সমিতিৰ কোটি টকীয়া দুৰ্নীতি পোহৰলৈ অহাৰ পিছত বৰ্খাস্ত হৈছিল কেইবাগৰাকী সদস্য।ইতিমধ্যে লোচনাৱৰী সমবায় সমিতি খনত নতুনকৈ নিৰ্বাচন আৰম্ভৰে নতুন কমিটি গঠনৰ জো-যা চলাইছে বিভাগীয় কৰ্তৃপক্ষই।
আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা কেইবাগৰাকী সদস্যই নিজৰ ছপোৱা পষ্টাৰ চৰকাৰী স্কুল সমূহৰ ৱাল’ত লগোৱাত বৰ্তমানে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।
আনহাতে সমবায় খনত প্ৰতিদ্বন্দিতা কৰা এনে কাণ্ড জ্ঞানহীন ব্যক্তি সকলৰ ওপৰত ব্যৱস্থা লবলৈ স্কুল সমূহৰ শিক্ষক সকলে দাবী জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *