মৈৰাবাৰীত পথ দুৰ্ঘটনাত গুৰুতৰ বাবে আহত তিনিজন

মৈৰাবাৰীত পথ দুৰ্ঘটনাত গুৰুতৰ বাবে আহত তিনিজন।
আজি ৰাতিপুৱা মৈৰাবাৰী- দলৈগাঁও পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়।
এখন যাত্ৰীবাহী উলট্ৰা আৰু এখন AS 02-BC 0662 নম্বৰৰ মেজিক গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষত মেজিক খনৰ ড্ৰাইভাৰ সহ তিনিজন লোক আহত হয়।
আহত তিনিজনৰ দুজন গুৰুতৰ বাবে আহত হোৱাত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে মৈৰাবাৰী হস্পিতালৰ চিকিৎসকে।
জানিব পৰা মতে মেজিক গাড়ীখনে ভুল দিশত গৈ আলট্ৰা খনত খুন্দিওয়াৰ ফলত দুৰ্ঘটনাটো সংগঠিত হয়।
আহত তিনিজনৰ এজন লেংৰিবৰী গাঁৱৰ আবুল হুছেইন বুলি জানিব পৰা গৈছে যদিও আহত আন দুজনৰ নাম জানিব পৰা হোৱা নাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *