মৈৰাবাৰীত উপস্থিত সাংসদ গৌৰৱ গগৈ।
মৈৰাবাৰীৰ অন্তৰ্গত ভেলৌগুৰি প্ৰাথমিক বিদ্যালয়ত বাউণ্ডেৰী দেৱালৰ উদ্বোধন কৰে সাংসদ গৰাকীয়ে।
সাংসদ পুঁজিৰে নিৰ্মাণ হবলগীয়া বিদ্যালয় খনৰ দেৱালৰ শুভ উদ্বোধনৰ অন্তত সাংবাদিকক উদ্দেশ্যি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কৰা মন্ত্যবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰাৰ লগতে
বুঢ়া চাপৰিত বন বিভাগৰ লোকে নিৰীহ লোকক গুলিওয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আনহাতে দ্বিতীয় কাৰ্যসূচীত সাংসদ গৰাকী মৈৰাবাৰীৰ শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰত উপস্থিত হৈ সত্ৰখন পৰিদৰ্শন কৰাৰ লগতে সত্ৰ পুথিভঁৰাল গৃহৰ শুভ উদ্বোধন কৰে।