মূল্যবৃদ্ধিৰ বিৰুদ্ধে খাৰূপেটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে খাৰূপেটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ। সা-সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ জনতাক জুৰুলা কৰা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ।
উল্লেখ্য যে শেহতীয়াকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ, গৃহ নিৰ্মাণৰ সামগ্ৰীকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। চৰকাৰ তথা খাদ্য আৰু অসামৰিক যোগান বিভাগে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহন কৰা নাই। কৃষকৰ পৰা আৰম্ভ কৰি নিম্ন, মধ্যবৃত্ত শ্ৰেণী, ক্ষুদ্ৰ ব্যৱসায়ী সকলে এনে অস্বাভাৱিক মূল্যবৃদ্ধিত হতাশাগ্ৰস্থ হৈ পৰিছে। বৰ্তমান সময়ত চৰকাৰে পুঁজিপুতিৰ হাতত সমগ্ৰ বজাৰ ব্যৱস্থাটো এৰি দি বস্তুৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাইছে। সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰূদ্ধে
হাতে হাতে প্লে কাৰ্ডলৈ প্ৰতিবাদত নামিল কংগ্ৰেছ কৰ্মী। ডিঙিত পিয়াজ,জলকীয়া,বিলাহীৰ মালা পিন্ধি প্ৰতিবাদত নামিল পুৰুষ মহিলা। BJP চৰকাৰ হাই হাই, মূল্যবৃদ্ধি ৰোধ কৰক,আমাক জীয়াই থাকিব দিয়ক,BJP চৰকাৰ নিপাত যাওঁক আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰে খাৰূপেটীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ ।