মুখ্যমন্ত্ৰী আহিলেহে বাট পথ ভাল হয় । যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ তীব্ৰ প্ৰতিক্ৰিয়া ।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড় জিলালৈ আগমন কৰি জিলা সদৰত বাহৰ পাতিছে । মুখ্যমন্ত্ৰীগৰাকী আজি অৰ্থাৎ ৩১ জানুৱাৰীত নাহৰকটীয়াস্থিত এক ৰাজহুৱা ” মে ডাম মে ফি ” অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লোক নিৰ্মান বিভাগৰ অধীনস্থ এল বি টি পথেৰে টেঙাখাত নগৰ অতিক্ৰম যোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষই পথটোৰ ভগ্নপ্ৰায় অংশ ততাতৈয়াকৈ টাপলি মৰা পৰিলক্ষিত হৈছে । এনে কার্যৰ প্ৰত্যক্ষ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , টেঙাখাত আঞ্চলিক সমিতিৰ নেতা পাৰ্থ প্ৰতীম কোঁৱৰৰ তীব্ৰ প্ৰতিক্ৰিয়া