মুকালমুৱাত শোকাবহ পথ দুৰ্ঘটনা

মুকালমুৱাত শোকাবহ পথ দুৰ্ঘটনা ৷

মুকালমুৱাৰ বদনী আখিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱকে ৷

মৃত যুৱকজন আইনাল হ’ক বুলি জানিব পৰা গৈছে ৷

ইৰিক্সা আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত মৃত্যু হয় মটৰ চাইকেল আৰোহীজনৰ ।

দুৰ্ঘটনাৰ ফলত মটৰ চাইকেলত অহা আন এজন যুৱকো গুৰুতৰভাবে আহত হয় ৷

মটৰ চাইকেলত অহা আনজন যুৱক অহেদ আলী বুলি জানিব পৰা গৈছে ৷

আঘাতপ্ৰাপ্ত দুয়োজনকে স্থানীয় লোকে ততাতয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আইনাল হ’কক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

আনজন আহত অহেদ আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে ৷
দুয়োৰে ঘৰ হাজো থানাৰ অন্তৰ্গত তাকানমাৰীত বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাত পতিত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS-25K-4858 ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *