মুকালমুৱাত চুৰিকাণ্ড ৷

মুকালমুৱাত চুৰিকাণ্ড ৷
এইবাৰ উপসনাস্থলীত চোৰৰ লুটপাত ৷
মুকালমুৱা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ
মুকালমুৱাৰ বৰুৱাপুতাস্থিত শনি মন্দিৰত চোৰৰ লুটপাত ৷
চোৰে মন্দিৰটোৰ পৰা লৈ গ’ল দুটাকৈ বৃহৎ আকাৰৰ টিলিঙাসহ নগদ ধন ৷
মন্দিৰটোত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে ভাগি পৰিছে অঞ্চলটোৰ মহিলাসকল ৷
ইয়াৰ পূৰ্বেও মন্দিৰটোত চোৰে কেইবাবাৰো চলাইছিল লুটপাত ৷
মুকালমুৱা আৰক্ষী থানাৰ পৰা মাত্ৰ আধা কিলমিটাৰ দূৰত্বত অৱস্থিত শনি মন্দিৰটো ৷
মন্দিৰটোত বাৰে বাৰে চুৰিকাৰ্য সংঘটিত হোৱাত মুকালমুৱা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে হাজো-দৌলাশাল পথৰ দাতিত থকা শনি মন্দিৰটোলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকে আহি পূজা-অৰ্চনা আগবঢ়ায় ৷
উল্লেখ্য যে মুকালমুৱাত সঘনাই বৃদ্ধি পাই আহিছে চুৰিৰ ঘটনা ৷
অঞ্চলটোৰ বহু পৰিয়ালৰ দিন দুপৰতে ছাগলী লৈ উধাও হৈছে চোৰ ৷
একপ্ৰকাৰ চোৰৰ উপদ্ৰৱত দিশহাৰা হৈ পৰিছে কৃষক- ৰাইজকে ধৰি সাধাৰণ জনতাও ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *