মাৰ্ঘেৰিটাত শালি ধানৰ পথাৰত বন্যহস্তী উপদ্ৰৱ

মাৰ্ঘেৰিটাত শালি ধানৰ পথাৰত বন্যহস্তী উপদ্ৰৱ।

মাৰ্ঘেৰিটাৰ ৰিতুপথাৰত শ শ বিঘা পকা শালিধানৰ খেতি নষ্ট বনৰীয়া হাতীজাকৰ।বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে টোপনি সৰিছে গঞা ৰাইজৰ।ইনথেম ৰিতুপথাৰত শ শ বিঘা পকা শালি ধানৰ পথাৰ নষ্ট কৰিলে বন্যহস্তীয়ে। স্থানীয় ৰাইজৰ অভিযোগ যে ডিগবৈ বন সংমণ্ডল তথা মাৰ্ঘেৰিটা পূৱ বনাঞ্চলিক কাৰ্যলয়ত ৰাইজে বন্যহস্তী উপদ্ৰৱৰ বিষয়ে বহু আবেদন নিৱেদন কৰি আহিছে যদিও বন বিভাগে তিলমানো গুৰুতৰ প্ৰদান কৰা নাই।ফলত উপায়হীন গঞা ৰাইজে বছৰটো ভাত মুঠি যোগাৰৰ বাবে জীউটো হাতৰ মুঠিত লৈ নিশা ধাননী পথাৰত পহৰা দিবলৈ বাধ্য হৈ পৰিছে।গঞা ৰাইজৰ তীব্ৰ ক্ষোভ বন বিভাগৰ বিষয়া কৰ্মচাৰী বিৰুদ্ধে।বন্য হাতীক ৰোধিবলৈ বন বিভাগৰ হাতত নাই কোনো সুপৰিকল্পিত আচনি।বন বিভাগৰ এনে কাণ্ডজ্ঞান শূন্য কৰ্মকাণ্ডৰ বাবে বিনিদ্ৰ ৰজনি পাৰ কৰিব লগীয়া হৈছে গাম্য অঞ্চলটো খেতিয়ক ৰাইজ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *