মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট।আজি সমগ্ৰ অসমৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মত চৰকাৰে গ্ৰহণ কৰা নতুন পেঞ্চন ব্যবস্থাৰ বিৰোধিতা কৰি মাৰ্ঘেৰিটাৰ উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ৩ ঘন্টিয়া অৱস্থান ধৰ্মঘটৰ আয়োজন কৰা হয়। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক-কর্মচাৰী, শ্ৰমিক-বিষয়াৰ যৌথ সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰে নতুন পেঞ্চন ব্যৱস্থাক আত্মঘাতীমূলক সিদ্ধান্ত ” বুলি অভিহিত কৰি আহিছে। আজিৰ এই অৱস্থান ধৰ্মঘটত মাৰ্ঘেৰিটা জিলা কৰ্মচাৰী পৰিষদে কয় যে নতুন পেঞ্চন ব্যবস্থাত অৱসৰপ্ৰাপ্ত কর্মচাৰীয়ে সামন্যতম পেঞ্চন লাভ কৰি হতাশাগ্রস্ত হৈছে। নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত কৰ্মচাৰী সমাজে জীৱন কালত চৰকাৰী সেৱাত নিৰন্তৰ পৰিশ্ৰম কৰি বৃদ্ধ কালত প্রয়োজনীয় ঔষধ কিনিবলৈও অসমৰ্থ হৈছে। চৰকাৰী চাকৰি কৰি অৱসৰৰ পাছত বেচৰকাৰী খণ্ডৰ বীমা কোম্পানীৰ হাতোৰাত অনিশ্চিত জীৱন কটাব লগা পৰিস্থিতি উৎপন্ন হৈছে। এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে কৰ্মচাৰী পৰিষদে জনায় যে চৰকাৰে অতি সোনকালে পেঞ্চন ব্যবস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে আগন্তুক দিনবোৰত কৰ্মচাৰী পৰিষদে সংগ্ৰাম তীব্ৰতৰ কৰি তুলিব বুলি হুঙ্কাৰ প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *