মাৰ্ঘেৰিটাত ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ।
মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ।উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাটোত চলি থকা কয়লা খননৰ নামত অবাধ হাৰে পাহাৰ আৰু সংৰক্ষিত বনাঞ্চল সমুহ ধ্বংশ কৰি মাৰ্ঘেৰিটাৰ বাবে অশনি সংকেট হিচাপে চিহ্নিত কৰা আৰু বহিঃৰাজ্যৰ ব্যবসায়ীক বিজেপি দলৰ নেতাই দাবী ধমকৰে ভাবুকি দি খেদি পঠিয়াই উক্ত উদ্যোগ বেআইনিভাবে দখল কৰি হস্তাগত কৰিছে তাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে আজি এক প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত বহিঃৰাজ্যৰ ব্যবসায়ীক উচিত ন্যায়ৰ দাবীত এই প্ৰতিবাদী দলটোৱে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা প্ৰতিবাদ উলিয়াই মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ে উপস্থিত হৈ মহকুমাধিপতিৰ যোগেদি অসমৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী দলটোয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিজেপি মুৰ্দাবাদ, ভাস্কৰ শৰ্মা মুৰ্দাবাদ, বিজেপিৰ দাদাগিৰি নচলিব, বিজেপি গো-বেক্, বহিঃৰাজ্যৰ ব্যবহায়ীক সুৰক্ষা দিয়ক, বনাঞ্চল ধ্বংশ বন্ধ কৰক আদি ধ্বনিৰে প্ৰতিবাদ স্থলি উত্তপ্ত কৰি তোলে।