মাৰ্ঘেৰিটাত তীজ উৎসৱ উৎযাপন


গোর্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে ‘তীজ উৎসৱ’। এদিনীয়াকৈ পালন কৰা এই উৎসৱক ‘হৰিতালিকা তীজ’ বুলিও কোৱা হয়। গোর্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ। ৰাজ্যৰ ” বিভিন্ন প্রাপ্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অতি উলহ-মালহেৰে তীজ উৎসৱ উৎযাপন কৰা হয়। তীজ উৎসৱৰ পহিলা দিনটোত বিবাহিত মহিলাসকলক স্বামীগৃহৰ পৰা মাতৃগৃহ লৈ গৈ বিভিন্ন খাদ্যৰে আপ্যায়ন কৰা হয় আৰু দ্বিতীয় দিনা হৰিতালিকা ব্রত পালন কৰে। এই ব্রত অনুযায়ী পুৱাৰে পৰা মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেবাদিদেৱ শিৱৰ আবৰ্ধনা কৰি পূজা-অৰ্চনা কৰি পৰিয়ালৰ লগতে নিজৰ স্বামীৰ মংগল কামনা কৰে। মাতৃগৃহলৈ অহা মহিলাসকলে দিনটো তীজ গীত গায় নৃত্য কৰি আনন্দ কৰা দেখিবলৈ পোৱা যায়।আনহাতে, যুৱতীসকলে উপযুক্ত বৰ তথা স্বামী লাভৰ বাবে এই ব্রত পালন কৰাৰ পৰম্পৰা চলি আহিছে মূলতঃ নাৰীসকলে পুৰুষৰ দীর্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি পালন কৰা এক উৎসৱ হৈছে এই তীজ উৎসব। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আজি দিন যোৱা কাৰ্যসূচীয়ে অতি উলহ-মালহেৰে তীজ উৎসৱ উৎযাপন দিহা কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *