মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান । গেৰেজত ওলাল ড্ৰাগছ । এজন আটক । মাৰ্ঘেৰিটা মহকুমা ড্ৰাগছে ছানি ধৰাৰ সময়ত আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে তীব্ৰ অভিযান । আজি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চাংলাং তিনিআলি স্থিত পি বি মাৰুতি ৰিপিয়েৰিং চেন্টাৰ নামৰ গেৰেজত অতৰ্কিতে অভিযান চলাই তিনি দশমিক ২৬ গ্ৰাম হিৰ’ইন জব্দ কৰাৰ লগতে বুদ্ধ দে নামৰ এজনক গ্ৰেপ্তাৰ কৰে । অন্যহাতে এই ড্ৰাগছ বেহাৰে জড়িত ববী নামৰ এজন পলাই যাবলৈ সক্ষম হয় ।জানিব পৰা মতে – এই গেৰেজটোৰ পৰা দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহা নিয়ন্ত্ৰিত হৈ আহিছিল ।
