মাধ্যহ্ন ভোজনৰ খাদ্যৰ পৰা আদি কৰি বিভিন্ন দুৰ্নীতি

মৈৰাবাৰীৰ শগুনবাহী পথাৰ এম ই মাদ্ৰাছা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাধ্যহ্ন ভোজনৰ খাদ্যৰ পৰা আদি কৰি বিভিন্ন দুৰ্নীতি কৰাৰ অভিযোগ।

মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খন্ডৰ অন্তৰ্গত
মৈৰাবাৰীৰ শগুনবাহী পথাৰ এম ই মাদ্ৰাছা বিদ্যালয়ত প্ৰধান শিক্ষক গৰাকীৰ মন্তব্যই অভিভাৱক ৰাইজৰ চকু কপালত উঠিছে। চৰকাৰে বিদ্যালয় খনত কণ কণ ছাত্ৰ-ছাত্ৰীলৈ আবন্টন দিয়া মাধ্যহ্ন ভোজনৰ খাদ্যৰ ধনখিনিলৈ প্ৰধান শিক্ষক গিয়াজ উদ্দিনৰ লোভ সামৰিব পৰা নাই। বিদ্যালয় খনত শিক্ষা বিভাগে ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ খাদ্যৰ নামত ১৫০ গ্ৰাম চাউল আৰু ৭ টকাৰ ৪৫ পইচা খাদ্যৰ আবন্টন দিয়ে যদিও প্ৰধান শিক্ষক গৰাকীয়ে ইয়াৰে আধা ধন খৰচ নকৰে।সৰ্বশিক্ষা আচঁনিৰ অধীনত আবন্টন দিয়া চাউল খিনি বিদ্যালয়ত ৰাখিব লাগে যদিও ৰহস্য জনক বাবে প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ ঘৰতে ৰাখে বুলি নিজে
মন্তব্য কৰিছে। ইফালে বুধবাৰে ৫০জন ছাত্ৰ ছাত্ৰীক মাধ্যহ্ন ভোজনৰ খাদ্যৰ নামত মাত্ৰ ৬ টা কণি খোৱাই দায়িত্ব সামৰে। ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামত সৰ্ব শিক্ষা আচনিয়ে চাউল আৰু ধন দিয়ে যদিও বাকী অনুপস্থিতি থকা ধনৰাশি প্ৰধান শিক্ষক গৰাকীয়ে আত্মহাত কৰে। ছাত্ৰ ছাত্ৰী কম যদিও বেছিকৈ এনড্ৰোমেল দেখাই চৰকাৰী ধন শিক্ষক গৰাকীয়ে
আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে ইউনিফৰ্মৰ ক্ষেত্ৰত এজোৰ কৈ দিয়াৰো অভিযোগ উত্থাপিত হৈছে। প্ৰতি বছৰে বিদ্যালয়ৰ ডেস্ক বেন্ছৰ মেৰামতিৰ বাবে অহা আন্থগাঠনিৰ ধন সমুদায় উদৰস্হ কৰে। ছাত্ৰ ছাত্ৰীৰ বাবে অহা খেল ধেমালিৰ ধনো সৎ ব্যৱহাৰ নকৰে। সাংবাদিকে এক অভিযোগৰ ভিত্তিত চৰজমিন তদন্তৰ বাবে যোৱাত বিভিন্ন অভব্য আচৰণ কৰাও পৰিলক্ষিত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *