মহানগৰীৰ চানমাৰিত অমানৱীয় ঘটনা। পুত্ৰৰ আতিশয্যৰ বলি মাতৃ। পুত্ৰ নিৰ্বাণ গোস্বামীৰ অকথ্য নিৰ্যাতন মাতৃ মালিনী গোস্বামীক। চানমাৰিৰ ৰেড ক্ৰছ পথৰ হাউছ নং ৪৯ত সংঘটিত এই ঘটনা। পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মহিলা আয়োগলৈ মাতৃৰ মেছেজ। নিৰ্বাণ গোস্বামীক আটক কৰি ৰখা হৈছে চানমাৰি থানাত ।
