গুৱাহাটীঃ কামৰূপ (এম) জিলা প্ৰশাসনে অহা সাত দিনৰ বাবে গুৱাহাটীৰ কামাখ্যা উচ্চ বিদ্যালয়ক মাইক্ৰ’কণ্টেনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে।
বিদ্যালয়খনৰ অধ্যক্ষ কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে শিক্ষাৰ্থী সকলৰ মাজতো সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাত বিদ্যালয় চৌহদক মাইক্ৰ’-কণ্টেনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, অধ্যক্ষগৰাকীক বৰ্তমান চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জিলা প্ৰশাসনে ২৮ অক্টোবৰত জাৰী কৰা নিৰ্দেশ অনুসৰি, ২৮ অক্টোবৰৰ পৰা ৪ নৱেম্বৰলৈকে বিদ্যালয়খন মাইক্ৰ’-কণ্টেনমেণ্ট জোন হিচাপে জাৰি থাকিব।