মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযান৷ অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ, অভিযানত আটক দুজন অভিযুক্তক৷ ২ কোটিৰো অধিক নগদ ধন জব্দ আৰক্ষীৰ৷ দীৰ্ঘদিনে গুৱাহাটীত বাহৰ পাতি চলাই আহিছিল হাৱালা চক্ৰ, জমিৰ আহমেদৰ বাসগৃহত চলে এই অভিযান৷ অভিযুক্ত দুজন দেৱকৰণ সেন আৰু মনোজ কুমাৰ৷
