মঙলদৈত ২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হ’ল এখন এখন ফুলাম গামোচা। মঙলদৈ ডাঁহীত ফুলাম গামোচা এখনৰ দৰ উঠিল ২ লাখ ৫ হেজাৰ টকা। থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা ফুলাম গামোচাখন ২ লাখ ৫ হেজাৰ টকাত ক্ৰয় কৰে এজন লোকে। দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বাভিমান ফুলাম থলুৱা গামোচা এখন ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হৈছে। দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন মঙলদৈৰ টেঙাবাৰীৰ দিনেশ্বৰ শৰ্মাৰ পুত্ৰ ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে।
মঙলদৈত ২লাখ ৫হাজাৰ টকাত বিক্ৰী হ’ল এখন ফুলাম গামোচা
