ভৱানীপুৰৰ গলিয়াত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।
পত্নীয়ে হত্যা কৰিলে স্বামীক।
পত্নী জুতিকা বৰাই দাঁৰে হত্যা কৰিলে স্বামী নিৰঞ্জন বৰা।
উল্লেখযোগ্য যে নিশা সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনাটো।
নিশা স্বামীক হত্যা কৰি পুৱা ছয় বছৰীয়া কন্যা সন্তানক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পন হত্যাকাৰী পত্নী জুতিকা বৰাই।
পাৰিবাৰিক কন্দলৰ ফলতেই সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাটো।
জানিব পৰা মতে স্বামীৰ ঘৰ গোলাঘাটত।
বিবাহ সূত্ৰে শাহুৰ গৃহতে বিগত দহ বছৰ ধৰি বাস কৰিছিল দুয়ো স্বামী স্ত্ৰী।
