ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

62

পথৰ দাবীত নহয় বছৰ বছৰ ধৰি যোগাযোগৰ সমস্যাত ভুগি থকা একাংশ লোকে পথ নিৰ্মাণ নকৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগী লোকসকলে “আমাক ৰাস্তা নালাগে, ভূঁই ৰুই ধান গজাম” বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷এই ঘটনা নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত । পূৰ্বৰ ধৰ্মপুৰ বৰ্তমানৰ টিহু বিধানসভা সমষ্টিৰ চামতাৰ পৰা সাহপুৰ-বৰপীত-সন্ধেলী-হাৰিভাংগা হৈ টিহু নগৰ পৰ্যন্ত সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই এতিয়া বোকাময় হৈ পৰে ৷ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ।