ভাৰতীয় পৰ্বতাৰোহীয়ে গঢ়িলে নতুন অভিলেখ

২০ বছৰীয়া পৰ্বতাৰোহী ভূক্য যশৱন্ত নাইক পুনৰবাৰ বাতৰিৰ শিৰোনামলৈ আহিছে। নাইকে কম বয়সতে মাউণ্ট গোৰিচেনে আৰোহণ সম্পূৰ্ণ কৰিছে। বৰ্তমানলৈ এই বয়সৰ কোনেও আগতে এই আৰোহণ সম্পূৰ্ণ কৰা নাই।যুৱ পৰ্বতাৰোহী যশৱন্তই কয় যে, তেওঁ তেলেংগানাৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে। বৰ্তমান তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছে। যশৱন্তই কয় যে, ভৱিষ্যতে তেওঁ প্ৰতিৰক্ষা সেৱাত যোগদান কৰাৰ সপোন পুহি ৰাখিছে।যশৱন্তই আৰোহণৰ বাবে প্ৰতিদিনে শাৰীৰিক পৰিশ্ৰম কৰে। তেওঁ কয় যে, প্ৰতিদিনে ৰাতিপুৱা শুই উঠি দৌৰাৰ লগতে তেওঁ প্ৰায় ২ ঘণ্টা ধৰি শাৰীৰিক ব্যায়াম কৰে।উল্লেখ্য যে, গোৰিচেন শৃংগ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত অৱস্থিত এটা শৃংগ। এই শৃংগ পূৱ-ভাৰত আৰু অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ। যাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ২১,২৮৩ ফুট (৬,৪৮৮ মিটাৰ)। ই তিব্বতৰ সীমাৰ ওচৰত। এই শৃংগটো বৰফেৰে আবৃত আৰু ইয়াৰ ৰুক্ষ ভূখণ্ডৰ বাবে জনাজাত। ইয়াক পাৰ হোৱাটো প্ৰতিজন পৰ্বতাৰোহীৰ সপোন, মানুহে কেইবাবাৰো চেষ্টা কৰাৰ পিছতহে পাৰ হ’বলৈ সক্ষম হয়।যশৱন্তৰ এই সাফল্যত তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ গাঁওখনে গৌৰৱ অনুভৱ কৰিছে।যশৱন্তৰ এই সাফল্যত তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ গাঁওখনে গৌৰৱ অনুভৱ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *