ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ভাৰতীয় ৰে’লৱেত লাগিছে কালিকা! আকৌ চলন্ত ৰে’লত ভয়ংকৰ অঘটন, ৰে’লযাত্ৰীৰ মাজত হাহাকাৰ ।দেওবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত এক ডাঙৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। কোৰবাৰ পৰা অহা কোৰবা-বিশাখাপত্তনম এক্সপ্ৰেছৰ তিনিটা এচি ডবাত জুই লাগে। জুই ইমানেই বিধ্বংসী আছিল যে মুহূৰ্তৰ ভিতৰতে ৰে’লখনৰ তিনিটা ডবা গ্ৰাহ কৰিবলৈ আৰম্ভ কৰিছিল। তথ্য পোৱাৰ পাছত উদ্ধাৰকাৰী দলটো ঘটনাস্থলীত উপস্থিত হয় আৰু সকলো যাত্ৰীক অতি কষ্টেৰে ৰে”লৰ পৰা বাহিৰলৈ উলিয়াই আনে। ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। কিন্তু তিনিটা ডবাকে ধৰি যাত্ৰীসকলৰ সকলো সামগ্ৰী ভস্মীভূত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *