ভয়ংকৰ নাওঁ দুৰ্ঘটনা

৮০ গৰাকী যাত্ৰীসহ নাওখনে যাত্ৰা কৰিছিল গন্তব্য স্থানলৈ । কিন্তু লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই ডুব যায় নাওখন । কমেও ৫০ গৰাকী যাত্ৰীৰ মৃত্যু ।80 গৰাকী প্ৰব্ৰজনকাৰীক লৈ স্পেইন অভিমুখে ৰাওনা হোৱা এখন নাও মৰক্কোৰ সমীপত দুৰ্ঘটনাত পতিত হয় । ফলত কমেও ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৪০ গৰাকী হৈছে পাকিস্তানী ।খবৰ অনুসৰি মৰক্কো কৰ্তৃপক্ষই ৬৬ জন পাকিস্তানীকে ধৰি ৮৬ জন প্ৰব্ৰজনকাৰীসহ যোৱা ২ জানুৱাৰীত মৰিটানিয়া এৰি যোৱা এখন নাৱৰ পৰা এদিন পূৰ্বে ৩৬ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।এই ঘটনা সংঘটিত হোৱাৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে শোক ব্যক্ত কৰিছে। বিদেশ মন্ত্ৰালয়ক পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোবোৰ দিশ চালি-জাৰি চাই তদন্তৰ নিৰ্দেশো প্ৰদান কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *