ভয়ংকৰ জাহাজ দু*ৰ্ঘটনা

এক ভয়ংকৰ জাহাজ দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই দুৰ্ঘটনাই এতিয়ালৈকে প্ৰাণ কাঢ়ি নিছে ৬৮ জন লোকৰ। আনহাতে প্ৰায় ৭৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি তথ্য পোহৰলৈ আহিছে। অৰ্থাৎ এই দুৰ্ঘটনাৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে য়েমেনৰ উপকূল অঞ্চলত। বেয়া বতৰৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত জাহাজখনত ১৫৭ জন লোক আছিল বুলি জানিব পৰা গৈছে।ইতিমধ্যে ১২ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও কেইবা ডজন লোক সন্ধানহীন হৈ থকা বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *