বৰপেটা জিলাৰ বালাভিটা গাৱঁত সংগঠিত হৈছে আজৱ ঘটনা

বৰপেটা জিলাৰ বালাভিটা গাৱঁত সংগঠিত হৈছে আজৱ ঘটনা। নিশাটোৰ ভিতৰতে মাইকী কুকুৰা চৰাই মতা কুকুৰা চৰাই লৈ পৰিনত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে গাওঁখনত। বালাভিটা গাৱঁৰ ছিদ্দিক আলীৰ ঘৰত সংগঠিত হৈছে এই আজৱ ঘটনা। মাইকী কুকুৰা চৰাইটোৱে দুবাৰকৈ কনী পাৰি পোৱালী জগোৱাৰ পিছত ৰাতিটোৰ ভিতৰতে মতা কুকুৰা চৰাই লৈ ৰূপান্তৰিত হৈ মতা কুকুৰা চৰাইৰ দৰে আচৰন কৰিবলৈ আৰম্ভ কৰিছে। মাতিছে সাইলাখ মতা কুকুৰা চৰাইৰ দৰে। এই ঘটনাই গাওঁখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।কোনো দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰিছে নে বেলেগ কিবা সংঘটিত হৈছে সেয়া লৈ চিন্তিত হৈ পৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *