বৰপেটা জিলাৰ কলগাছিয়াৰ লাচাঙ্গা গাঁৱত অগ্নিকাণ্ড।

বৰপেটা জিলাৰ কলগাছিয়াৰ লাচাঙ্গা গাঁৱত অগ্নিকাণ্ড। বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্ধেহ স্থানীয় ৰাইজৰ। কলগাছিয়া আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাঙ্গা গাঁৱত সংঘঠিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত লাচাঙ্গা গাঁৱৰ আবু শামাৰ পুত্ৰ মনচেৰ আলীৰ দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জানিব পৰা মতে নগদ পঞ্চাছ হাজাৰ টকা সহ প্ৰায় ৬,৬০ লক্ষাধিক টকাৰ ক্ষতি হয়। জুই লগা ঘৰৰ ভিতৰৰ সকলো আচবাব, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, মাটিৰ দলিল, এন আৰ চিৰ কাগজ পত্ৰৰ লগতে বৃহৎ পৰিমাণৰ ধান চাউল ভষ্মীভূত হয়। উল্লেখযোগ্য যে বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘঠিত হয় বুলি জানিব দিয়ে। আজিৰ অগ্নিকাণ্ডৰ ফলত মূৰৰ ওপৰত সৰগ ভাগি পৰাৰ বাবে কান্দোনত ভাঙি পৰে। অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত এই জুই নুমাবলৈ সক্ষম হয়। সৰ্বস্বান্ত মনচেৰ আলীয়ে চৰকাৰ প্ৰশাসনলৈ আৰ্থিক সাহাৰ্য্যৰ বাবে কাতৰ আহ্বান জনায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *