বৰপেটা গণককুচি নালীপাৰত উচ্ছেদিত পৰিয়াল । দীৰ্ঘদিনৰ পৰা গৃহহাৰাত ভুগি আছে পৰিয়াল কেইটা। অসম চৰকাৰে দীৰ্ঘদিনৰ পৰা সত্ৰ মাটি বেদখল কৰি আছে। চৰকাৰৰ মাটি কোনেও দখল কৰিব নোৱাৰে বিভিন্ন সময়ত অসম চৰকাৰে উচ্ছেদ কৰি আছে ।
বৰপেটা গণককুচি নালীপাৰত যোৱা ২০১৮ বৰ্ষত একশতকৈ অধিক পৰিয়ালক অসম চৰকাৰৰ নিদেৰ্শমৰ্মে প্ৰশাসনে উচ্ছেদ কৰিছিল ।
যোৱা ৫ বছৰ ধৰি উচ্ছেদিত পৰিয়াল কেইটা গৃহহাৰা হৈ নদীৰ পাৰত ৰাস্তাৰ কাষত ৰ’দ বৰষুণত থাকিব লগা হৈছে।
উচ্ছেদিত পৰিয়ালকেইটা সংস্থাপন উদ্দেশ্য সদৌ অসম বৰপেটা জিলা বঙালী পৰিষদৰ সভাপতি প্ৰদীপ কুমাৰ ঘোষৰ নেতৃত্বত একশতকৈ অধিক পৰিয়ালে সৰভোগ মইনবড়ী সত্ৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী বাসগৃহত উপস্থিত হয় ।
অপূৰ্ব অধিকাৰীক দেখা পাই উচ্ছেদিত পৰিয়াল কান্দোনত ভাগি পৰে ।
মইনবড়ী সত্ৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে উচ্ছেদিত পৰিয়ালক অসমৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বৰপেটা জিলা উপায়ুক্ত আয়ুস গাৰ্গে সংস্থাপন ব্যৱস্থা কৰি দিব বুলি আশ্বাস দিয়ে ।
সদৌ অসম বৰপেটা জিলা বঙালী পৰিষদৰ সভাপতিৰ নেতৃত্বত উপায়ুক্তক ইতিমধ্যে স্মাৰক পত্ৰ দিয়া হৈছে । উপায়ুক্ত গৰাকীয়ে উচ্ছেদিত পৰিয়ালক মিছন বসুন্ধৰাত আবেদন কৰিবলৈ আহ্বান জনায় ।