বৰপেটাৰোডত ব্যৱসায়ীৰ বুকুত অস্ত্ৰ থৈ 50 হাজাৰ টকা লুটি নিয়া তিনি দুৰ্ধৰ্ষ ডকাইত আটক

বৰপেটাৰোডত ব্যৱসায়ীৰ বুকুত অস্ত্ৰ থৈ 50 হাজাৰ টকা লুটি নিয়া তিনি দুৰ্ধৰ্ষ ডকাইতক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ ডকাইত তিনিজন ক্ৰমে শ্ৰীধৰ মণ্ডল, আবুতাহেৰ আৰু খুশি সুত্ৰধৰ ৷ ধৃত ডকাইত তিনিজনৰ পৰা এট পিস্তল তিনি জাঁই সজীৱ গুলী মোবাইল ফোন আৰু নগদ 26500 টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷
ধৃত ডকাইত শ্ৰীধৰ মণ্ডলৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত, ডকাইতজনক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ আবু তাহেৰ নামৰ ডকাইতজনৰ ঘৰ বৰপেটাৰোডৰ চেঙেলীয়াত ৷ আৰু খুশি সুত্ৰধৰৰ ঘৰ বৰপেটাৰোডৰ কলহভাঙ্গাত ৷ এই দুয়োজন ডকাইতক বৰপেটাৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে ধৃত ডকাইত তিনিজনে চলিত মাহৰ 6 জানুৱাৰীৰ সন্ধিয়া বৰপেটাৰোড পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ তথা প্ৰাক্তন পৌৰপতি দিলীপ সাহাৰ পুত্ৰ দীপাংকৰ সাহা উৰফে ডিম্পল সাহাৰ কলহভাঙ্গাস্থিত ৰাধে কৃষ্ণ হাৰ্ডৱেৰত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰি গুলী ফুটাই ব্যৱসায়ীজনৰ বুকুত পিস্তল আৰু ডেগাৰ থৈ লুট কৰি নিছিল 50 হাজাৰ টকা ৷
বৰপেটাৰোড আৰক্ষীয়ে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনাৰ ক্ষিপ্ৰতাৰে তদন্ত চলাই এই দুৰ্ধৰ্ষ ডকাইত কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *