আজি পবিত্ৰ বৰদিন। ইয়াৰ মাজতে গুৱাহাটী সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন শ্ৰমিক।গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ শ্ৰমিক হিচাপে নিয়োজিত ঘোষ। নিৰ্মিয়মান উত্তৰ গুৱাহাটী দলঙত বাঘৰ আতংকই বিৰাজ কৰিছে। দলঙৰ ৪নং খুটাত বাঘ দেখি আতংকিত হৈ পৰে শ্ৰমিকসকল। কাম কৰি থকাৰ পুৱা ৫ বজাত সংঘটিত হৈছিল এই ঘটনা। ব্ৰহ্মপুত্ৰৰে সাঁতুৰি অহা প্ৰত্যক্ষ কৰিছিল নাহৰফুটুকীটো। আহত শ্ৰমিক পশ্চিমবংগৰ উদয় ঘোষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া বাঘৰ সন্ত্ৰাসত আতংকিত শ্ৰমিকে বন্ধ ৰাখিছে নিৰ্মাণকাৰ্য।
বৰদিনৰ মাজতে ভয়ংকৰ ঘটনা
