বৰক্ষেত্ৰীৰ মুগদিৰ বিশেষভাবে সক্ষম যুৱক নিৰুদ্দেশ

বৰক্ষেত্ৰীৰ মুগদিৰ বিশেষভাবে সক্ষম যুৱক নিৰুদ্দেশ


নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত মুগদি গাঁৱৰ এগৰাকী বিশেষভাবে সক্ষম যুৱক যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰুদ্দিষ্ট যুৱকজন মুগদি গাঁৱৰ দেবানন্দ বৰ্মনৰ ২৪ বছৰীয়া পুত্ৰ হীৰকজ্যোতি বৰ্মন বুলি জানিব পৰা গৈছে। ইতিমধ্যেই যুৱকজন নিৰুদ্দেশ সম্পৰ্কত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক অৱগত কৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট যুৱকজনৰ সন্ধান লাভ কৰে তেনেহ’লে ওচৰৰ আৰক্ষী থানাত নাইবা ৮৪৭৪০৬৫৩০১ অথবা ৬০০২৮৪৯০১৮ নম্বৰত ফোন কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *