বোকাজানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

বোকাজানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি মহকুমাধিপতি কাৰ্যলয়ৰ সমীপতে প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে।

ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে মহকুমাধিপতি গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংসাংলৈ এখন স্মাৰক প্ৰত্র প্ৰেৰণ কৰে।

প্ৰতিবাদ কাৰী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুহৰি,আদিবাসী সকলৰ মাটি বাৰী সমস্যাৰ উপৰিও কেইবাটাও সমস্যা লৈ স্মাৰক প্ৰত্র প্ৰেৰণ কৰিছে।

যদি তেওঁলোকে কৰা ডিমাণ্ড সমূহ অতি শীঘ্ৰে সমাধান নকৰে,তেন্তে আগন্তুক দিনত ভয়ঙ্কৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *