বোকাজানত আদিবাসী উগ্ৰপন্থী সংগঠন APLA সদস্যৰ আত্মসমৰ্পণ


বোকাজানত আদিবাসী উগ্ৰপন্থী সংগঠন APLA সদস্যৰ আত্মসমৰ্পণ।উগ্ৰপন্থী সংগঠনটোৰ 39 গৰাকী দুধর্ষ কেডাৰে আজি বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ সহ বোকাজান আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।বোকাজান আৰক্ষী থানাত আই জি পি দেৱজিৎ মুখাৰ্জী, কাৰ্বিআংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস, আৰু অসম ৰাইফলছৰ কমাণ্ডেণ্টকে কৰি শীর্ষ বিষয়া সকলৰ উপস্থিতিত আয়োজিত এক বিশেষ অনুষ্ঠানত উগ্ৰপন্থী দলটোৱে আৰক্ষীৰ ওচৰত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জমা কৰে।আজি আত্মসমৰ্পণ কৰা Adivashi people Libaration Army চমুকৈ APLA সংগঠনটোৰ মুঠ 39 গৰাকী সদস্যই আত্মসমৰ্পণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *