বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত চৰচাপৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ।আজিৰ পৰা সম্পূৰ্ণকৈ বন্ধ হ’ল গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত চৰচাপৰি অঞ্চলৰ 7খনকৈ বিদ্যালয়।ইতিমধ্যে শিক্ষা বিভাগে প্ৰেৰণ কৰিছে জাননী।ৰূপহীহাট সমষ্টিৰ সমীপৱৰ্তী বুঢ়াচাপৰিত সীমাৰ ভিতৰত পৰা কেইবাখনো চৰকাৰী তথা ব্যক্তিগত বিদ্যালয়ত চলিব প্ৰশাসনৰ বুলডজাৰ। ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী জাৰী কৰিছে। ইয়াৰ লগতে শিক্ষাবিভাগেও চৰচাপৰি অঞ্চলৰ গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত 7খনকৈ বিদ্যালয়ত প্ৰেৰণ কৰিছে জাননী ।অহা ১০ফেব্ৰুৱাৰী পূৰ্বে বিদ্যালয়কেইখনৰ যাৱতীয় আচবাব ,সা-সামগ্ৰী,নথিপত্ৰ আদি দাতিকাষৰীয়া আনবিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ শিক্ষা বিভাগৰ । ইয়াৰ পাছতেই চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰী মাজত লাগিছে হাহাকাৰ । আপোন বিদ্যালয়খনৰ বাবে চকুলো টুকিছে ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয় কেইখন উচ্ছেদ নচলাবলৈ সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰীক আহ্বান ছাত্ৰ-ছাত্ৰীৰ।
