বিহুবৰত অবৈধ শিল খননত এজনৰ মৃত্যু।
নাজিৰাত দীৰ্ঘ দিনৰ পৰা চলি অহা অবৈধ খনন কাৰ্য্যৰ বাতৰি সংবাদ মাধ্যমত বাৰমবাৰ সস্প্ৰচাৰিত হোৱাৰ পাছোতো গা নলৰিল উদ্ধতম কতৃপক্ষ্যৰ যাৰ ফলত আজি নাজিৰা বিহুবৰত সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনাৰ। কৰ্মৰত অৱস্থাতে এজন ফকলেনৰ চালকে মৃত্যুক সাৱতি লয়। মৃত ব্যক্তিজনৰ নাম ধৃৰাজ শইকীয়া আৰু তেখেতৰ বয়স ৩১ বছৰ বুলি জানিব পৰাৰ লগতে তেখেতৰ ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।ৰহস্য জনকভাৱে আজি ফকলেন চালকৰ মৃত্যুৰ বাতৰিটোও এক প্ৰকাৰৰ গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যম উপস্থিত হোৱাত কিছু কথা স্পষ্ট হৈ পৰে । উল্লেখযোগ্য যে বিগত সময়টো এখন দাম্পাৰ একে এক পৰিস্থিতিত ৰসহ্যজনক ভাৱে বাগৰি পৰাৰ পাছতো কিন্তু গা-নলৰিল বিয়াগোম বন-বিভাগ, বিহুবৰ আৰক্ষী তথা শিৱসাগৰ আৰু নাজিৰা প্ৰশাসন। আছলতে নাজিৰাৰ নগৰৰ সন্মুখেৰে এনে দৰে অবৈধ শিল, মাটি আৰু কয়লা সৰবৰাহ হোৱাৰ পাছতো কিন্তু কিয় নিৰৱ ভূমিকাত বিহুবৰ আৰক্ষী সেয়া এটিয়া সকলোৰে বাবে হৈ পৰিছে এক বৃহৎ প্ৰশ্নবোধক। আছলতে দীৰ্ঘ দিনৰ পৰা নাজিৰাত চলি অহা এই অবৈধ খননত কোন কোন মুধাফুতা ব্যক্তি জৰিত হৈ আছে সেয়া পোহৰলৈ আহিবনে? নে পৰৱৰ্তী সময় সমগ্ৰ বিষয়টো তল পৰিব! আজি মৃত্যু হোৱা ব্যক্তি জনৰ বাবে দায়ী কোন সেয়া তদন্ত হব নে! সেয়া হব সকলোৰে বাবে লক্ষ্যণীয়।
