বিহুক গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ বিজনীত ঢুলীয়া আৰু নাচনীৰ অন্তিম আখৰাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ



বিহুক গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ বিজনীত ঢুলীয়া আৰু নাচনীৰ অন্তিম আখৰাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ।
অসমীয়াৰ আবেগ বিহুক বিশ্ব দৰবালৈ নিবলৈ প্ৰায় সাঁজু ৰাজ্য চৰকাৰ। ৰাজ্যৰ ১১ হাজাৰ বিহুৱা নাচনিয়ে ১৪ এপ্ৰিলত সৰুসঁজাই ষ্টেডিয়ামত বিহু নৃত্য প্ৰদৰ্শন কৰিব।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ বিজনী মহাবিদ্যালয় প্ৰেক্ষাগৃহত চলি আছে আখৰা।জিলাখনৰ পৰা ৩০ গৰাকী নাচনী আৰু ১৪ গৰাকী ঢুলীয়াই অংশগ্ৰহণ কৰিব সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া কাৰ্যসূচীত।আজি অন্তিম আখৰাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকি ঢুলীয়া আৰু নাচনীৰ নৃত্য পৰ্যবেক্ষণ কৰে। মন্ত্ৰী ব্ৰহ্মই আখৰাত অংশগ্ৰহণ কৰা ঢুলীয়া আৰু নাচনীক উৎসাহ যোগায় আৰু প্ৰতিগৰাকী নাচনী ঢুলীয়াক একোখনকৈ জাপিৰে শুভেচ্ছা জনায়।আজিৰ অন্তিম আখৰা কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী।চিৰাং জিলা আৰক্ষী অধিক্ষক প্ৰাণজিৎ বৰা, বিজনীৰ মহকুমাধিপতি অভিশেষ জৈন, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱজ্যোতি কলিতা উপস্থিত থাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *