বিহালী আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ,

বিহালী আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ, দুজনক আটক ।মঙলবাৰে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী আৰু বৰগাং আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা ।
প্ৰায় ৬২০ কাৰ্টনতকৈয়ো অধিক সুৰাভৰ্তি ট্ৰাকখন বান্দৰদোৱাৰ পৰা বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি তেজপুৰ দিশে অবৈধভাবে সুৰাখিনি লৈ গৈ থকাৰ অৱস্থাতে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু বৰগাং আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে’ৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী দলটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত NL02N6147 নাম্বাৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনিৰ লগতে আটক কৰে সুৰা ভৰ্তি ট্ৰাকখনৰ চালক সহ আন এজন লোকক । উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ট্ৰাকখনত জব্দ কৰা সুৰা সমূহৰ মূল্য প্ৰায় ২৫ লাখ টকা বুলি অনুমান কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *