বিহালীত পুনৰ লাডেনৰ উপদ্ৰৱ অব্যাহত

বিহালীত পুনৰ লাডেনৰ উপদ্ৰৱ অব্যাহত আছে

বিহালীত বন্যহস্তী সন্ত্ৰাস।নিদ্ৰাহৰন কৰিছে এতিয়া বিহালীৰ ৰাইজক

বিহালীৰ দক্ষিণাঞ্চলত এটা বনৰীয়া হাতীৰ সন্ত্ৰাস:::দুটাকৈ ঘৰ ভাঙি লণ্ডভণ্ড।


বিহালীত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ।ইতো পিছত সিটো বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে বন্যহস্তীয়ে।

বিহালীত হাতী মানুহৰ সৎঘাত নতুন নহয়। বিহালী বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ষষ্ঠ সৎযোজনৰ পৰা বনৰীয়া হাতীয়ে বিগত ১৫/১৬বছৰ ধৰি জনাঞ্চলত প্ৰবেশ কৰি আহিছে।যোৱা নিশাও এটা লাডেন নামৰ এটা দতাল বনৰীয়া হাতীয়ে ৰাংছালী দলনী গাঁৱৰ দিপালী শইকীয়া আৰু বিপুল বৰাৰ ঘৰত প্ৰবেশ কৰি ঘৰ ভাঙি লণ্ড ভণ্ড কৰে।ৰাতি প্ৰায় ১১ মান বজাত বনৰীয়া হাতীয়ে প্ৰবেশ কৰি প্ৰথমতে বিপুল বৰাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীয়ে চাউল খোৱাৰ উপৰিও গডৰেজ,টিভিকে আদি কৰি অন্যান্য সামগ্ৰী অনিষ্ট কৰে।তাৰ পিছত দিপালী শইকীয়াৰ ঘৰত গৈ ঘৰ ভঙাৰ উপৰিও প্ৰয়োজনীয় সামগ্ৰী অনিষ্ট কৰে।দিপালী শইকীয়াৰ প্ৰায় ৭০ হাজাৰ টকাৰ সা সামগ্ৰী অনিষ্ট কৰে বুলি কৈ সাংবাদিকৰ আগত কান্দি উঠে। তাৎপৰ্যপূৰ্ণ কথা যে বনবিভাগক খবৰ দিয়ে যদিও সময়মতে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্হিত নোহোৱাত ৰাইজে বনবিভাগক ওপৰত সুভ ওজাৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *