বিহপুৰীয়া মহাবিদ্যালয়ত আজৱ কাণ্ড

লক্ষ্মীমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ত আজৱ কাণ্ড ।এক আজৱ তথ্যই জোকাৰিছে লক্ষীমপুৰ বাসীক।শিক্ষক হৈছে এডাল মম বাতিৰ দৰে নিজেই জ্বলি আনক পোহৰ বিলাই, তেনে এজন শিক্ষকৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলাইছে সামাজিক মাধ্যমত। বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ৰাতুল বৰাক, ধৰ্ম কান্ট গগৈ নামৰ এজন ব্যক্তিয়ে social media ৰ জৰিয়তে মানসিক ভাৱে হাৰাশাস্তি দিছে, সামাজিক মাধ্যমৰ জৰিয়তে তেওঁক বহুতো হাৰাশাস্তি কৰাম বুলি ভাবুকি প্ৰদান কৰিছে, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ৰাতুল বৰায়ে PHD ৰ ভুৱা certificate দিয়ে বুলি বিভিন্ন সময়ত ফোন যোগে টকা ডিমাণ্ড কৰিছে, প্ৰথমে 5 লাখ টকা ডিমাণ্ড কৰিছিল তাৰ পাছত, ৰাতুল বৰা নামৰ আন এজন ব্যক্তিয়ে বাৰে বাৰে ফোনযোগে টকা খুজি বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক গৰাকীক মানসিক ভাৱে হাৰাশাস্তি দিয়াৰ অভিযোগ তুলিলে ভুক্তভোগী অধ্যাপক গৰাকীয়ে।
উল্লেখযোগ্য যে সামাজিক মাধ্যমত শিক্ষা সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ অহাৰ লগে লগে এতিয়া একাংশ সচেতন নাগৰিক ক্ষোভিত হৈ পৰিছে বিশেষ সুত্ৰই সদৰী কৰা মতে বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ড:ৰাতুল বৰাৰ বিৰুদ্ধে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দি,ভুৱা PHD,ৰ প্ৰমাণ পত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ তুলি ফোন যোগে ধন দাবী কৰাৰ তথ্য পোহৰলৈ আহিছে।আৰু পৰৱৰ্তী সময়ত এনে কাণ্ড পুনৰাবৃত্তি নহবৰ বাবে এখন এজাহাৰ দাখিল কৰিছে ভুক্ত ভোজী অধ্যাপক গৰাকীয়ে, এতিয়া প্ৰশ্ন হয় যে সমাজ খন বা সাধাৰণ নাগৰিক সকল কিমান সুৰক্ষিত এই দালাল চক্ৰৰ পৰা, যিহেতুকে আৰক্ষীৰ ওচৰ চাপিছে ভূক্তভোগীৰ পৰিয়াল, আাৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *