বিহপুৰীয়াত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া, চৈধ্যকোটি টকীয়া আঁচনি জাঁহ গ’ল নদীত।

বিহপুৰীয়াত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া, চৈধ্যকোটি টকীয়া আঁচনি জাঁহ গ’ল নদীত।
ধূনাগুৰি বাঁহগড়া সংযোগী প্ৰায় দুই কোটি টকীয়া মথাউৰিত ভয়ংকৰ খহনীয়া। নিশাৰ পৰা মথাউৰিটোত খহনীয়াৰ আৰম্ভ হয় বুলি জানিব পৰা গৈছে।এইবাৰ বাৰিষাৰ পূৰ্বে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই প্ৰায় চৈধ্য কোটি টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিখন উদ্বোধন কৰিছিল আৰু বাৰিষাৰ সময়ত সেই আঁচনিখন ৰূপায়ন কৰিছিল। আচনিৰ কাম শেষ হোৱাৰ পিছতেই সোৱণশিৰি নদীয়ে মথাউৰিটোৰ কেইবা ঠাইতো চলাইছে ভয়ংকৰ খহনীয়া। তছনছ কৰিছে চৈধ্য কোটি টকীয়া আঁচনিক। ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বিহপুৰীয়াৰ সহকাৰী কায্যবাহী অভিযন্তাই মিলি আচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় বানাক্ৰান্ত ৰাইজৰ। ধূনাগুৰি বাঁহগড়া সংযোগী মথাউৰিটো এতিয়া চৰকাৰী বিষয়া ঠিকাদাৰৰ বাবে সোনৰ কণী পৰা হাঁহলৈ পৰিনত হোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *